অসমৰ থলুৱা ফল

  • Published on 14 Aug 2023
অসমৰ থলুৱা ফল

বীৰেনে আজি বিদ্যালয়ৰ পৰা আহি
ভনীয়েকক ক’লেহি বহি,
শিক্ষয়িত্ৰীয়ে হেনো শ্ৰেণীত পঢ়ালে
থলুৱা ফলবোৰনো কি কি।

ভনীয়েকেও ক’লে, কচোন ক দাদা
জানিলি কি কি ফলৰ নাম,
ময়ো জানি থওঁ এতিয়াই এনেকৈয়ে
দেউতাক কৈ অনাই খাম।

বীৰেনে আৰম্ভ কৰিলে আম, জামেৰে
ক’লে— গ্ৰীষ্মকালত হয়,
খাবলৈ ভাল সোৱাদেৰেও ভৰপূৰ
পুষ্টিকাৰক বুলিও কয়।

তৰমুজ, লিচু, কঁঠাল, নৰা বগৰী
এইবোৰো গৰম দিনত হয়,
আনাৰসৰ আৰু আন নামো আছে
মাটিকঁঠাল বুলিয়ো কয়।

অমিতা, বেল, মধুৰীআম, ডালিম
ফলবোৰো অসমত পায়,
ঔটেঙা, নগা টেঙা আৰু কৰ্জা টেঙা
সৱেই টকালি পাৰি খায়।

অসমৰ থলুৱা ফল

কমলা, কৰ্দৈ, শিলিখা আৰু তেঁতেলি
ভিটামিন চি-ৰে থাকে ভৰি,
ৰবাব টেঙা আৰু জৰা টেঙা আনি
শীতৰ দিনত খাব পাৰি।

আমলখি, আটলচ, থেকেৰা, বকুল
পৰামলখি, ডৱা, ভোমোৰা,
লতাবেল, বগৰী, জলফাই, কল
আৰু আছে কেহা অমৰা।

বাইদেৱে কৈছে, আন আহাৰৰ লগতে
ফল খোৱাটোও দৰকাৰ,
তেতিয়াহে আমি সোনকালে ডাঙৰ হৈ
কৰিব পাৰিম আনৰ উপকাৰ।