মোৰ কিতাপ পঢ়াৰ অভিজ্ঞতা

  • Published on 12 Jul 2023
মোৰ কিতাপ পঢ়াৰ অভিজ্ঞতা

দিন হঠাতে দেউতাই মোৰ হাতত এখন কিতাপ তুলি দিলে। কিতাপখন আছিল ১৮১৮ চনৰ ১ জানুৱাৰী তাৰিখে প্ৰথম প্ৰকাশিত বিখ্যাত লেখিকা মেৰি শ্বেলীৰ ৰচিত এখন বিখ্যাত গ্ৰন্থৰ অসমীয়া অনুবাদ। কিতাপখন পাই মোৰ পঢ়িবলৈ অলপো মন নগ’ল। তথাপিতো দেউতাৰ কথা শুনি কিতাপখন লৈ গৈ মোৰ পঢ়া টেবুলত থৈ দিলোঁ।

ফ্ৰেংকেনষ্টাইন
কিতাপ পঢ়াৰ অভিজ্ঞতা

মই দেখিছিলোঁ যে আজৰি সময় পালে মা-দেউতাই প্ৰায়েই কিতাপত মগ্ন হৈ থাকে। মোৰ ককা আছিল এগৰাকী গ্ৰন্থাগাৰিক। সেই বাবেই চাগৈ মোৰ আশীৰ ঊৰ্ধ্বৰ আইতায়ো আজৰি সময়ত একোখন কিতাপ পঢ়ি থকা দেখা পাওঁ। মই সৰুৰে পৰা কিতাপৰ মাজতে ডাঙৰ হ’লোঁ, তথাপি মোৰ কিতাপ অধ্যয়নৰ প্ৰতি বিশেষ আগ্ৰহ জন্মা নাছিল।

বুঢ়া আৰু সাগৰ
অল্ড মেন এণ্ড দ্য ছি

মই ভাবিছিলোঁ যে কিতাপ পঢ়িবলৈনো কি ভাল লাগে? তাতকৈ দেখোন খেলিয়েই বেছি ভাল লাগে। এদিন হঠাৎ দেউতাই দিয়া কিতাপখন টেবুলত পৰি থকা দেখিলোঁ আৰু ভাবিলোঁ যে সিদিনা মই দেখোন কিতাপখনৰ নামটোও পঢ়ি নাচালোঁ! মই কিতাপখন চালো। কিতাপখনৰ নাম— ‘ফ্ৰেংকেনষ্টাইন’। সেই কিতাপখনত এটা দৈত্যৰ কাহিনী আছে। কিতাপখন মই হাতত তুলি ল’লোঁ আৰু ভাবিলোঁ— চাওঁচোন কিতাপতনো কি ৰস আছে!

কিতাপখন পঢ়ি গ’লোঁ— “জাহাজখনৰ চৌপাশে কেৱল বৰফ আৰু বৰফ…।” কিতাপখন পঢ়ি থাকোঁতে মোৰ অনুভৱ হ’ল যেন কিতাপখনৰ প্ৰাণীবোৰ মই চকুৰে দেখি আছোঁ। কিতাপখনত কিছুমান এনে মুহূৰ্ত আছিল, যি মুহূৰ্তই মোৰ মনত দুখ লগাই দিছিল। তাৰে ভিতৰত এটা মুহূৰ্ত হ’ল— দৈত্যটোক যিয়ে সৃষ্টি কৰিছিল, তেৱেঁই স্বয়ং দৈত্যটোক ঘৃণা কৰে। কিতাপখন পঢ়ি থাকোঁতে মোৰ অনুভৱ হৈছিল যেন মোৰ ওচৰৰ সকলো বস্তু ৰৈ গৈছে, কিতাপখনৰ চৰিত্ৰবোৰহে জীৱন্ত হৈ আছে। কিতাপখন পঢ়ি শেষ হ’ল। মই মোৰ মাক কিতাপখন পঢ়াৰ অনুভৱ সম্পৰ্কে ক’লোঁ। সেয়া শুনাৰ পাছত মায়ে মোৰ হাতত আৰু এখন কিতাপ দিলে।

মানুহ হোৱাৰ গৌৰৱ
মানুহ হোৱাৰ গৌৰৱ

সেইখন আছিল আৰ্নেষ্ট হেমিংৱেৰ ৰচিত ‘ওল্ডমেন এণ্ড দা চি’ৰ অসমীয়া অনুবাদ। সেই কিতাপখনৰ পৰা মই শিকিলোঁ যে পৰাজয়ৰ ওচৰত কেতিয়াও হাৰ মানিব নালাগে। তাত আছিল এজন অতি দুখীয়া মাছুৱৈয়ে ধৰা তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ মাছটোৰ কাহিনী। বহু যত্নেৰে আৰু অতি কষ্টেৰে বহু দিন নোখোৱাকৈ থাকি ধৰা মাছটোৰ অতি ৰোমাঞ্চকৰ কাহিনী। তাত তেওঁ ধৰা মাছটোক এটা বিশাল হাংগৰ মাছে অলপ অলপকৈ খাই শেষ কৰিলে। তথাপিতো তেওঁ হাৰ নামানিলে। অৱশেষত বিশাল আকাৰৰ মাছটোৰ জকাটো আনি তেওঁ সাগৰৰ বালিচৰ পোৱালেহি।

সেইখন কিতাপ পঢ়াৰ পাছত মই পঢ়িলোঁ হোমেন বৰগোহাঞি ৰচিত ‘মানুহ হোৱাৰ গৌৰৱ’। তাত অনুভৱ কৰিলোঁ প্ৰথম হ’ব নোৱাৰিলে কেতিয়াও পৰাজয় হ’ল বুলি ভাবিব নালাগে। মাথোন কামৰ সময়ত সম্পূৰ্ণ মনোযোগেৰে কাম কৰিব লাগে।

কিতাপ পঢ়াৰ আনন্দ
কিতাপ পঢ়াৰ আনন্দ

এতিয়া মই পঢ়ি থকা কিতাপখন হ’ল অসমৰ স্বনামধন্য সাহিত্যিক হোমেন বৰগোহাঞি ৰচিত ‘কিতাপ পঢ়াৰ আনন্দ’ গ্ৰন্থখন। এই কিতাপখনৰ জৰিয়তে আমাক জনোৱা হৈছে কিতাপে মানুহক সদায় সৎ পথত ৰাখে, কিতাপ জীৱনৰ প্ৰকৃত বন্ধু হ’ব পাৰে আৰু কিতাপ পঢ়া মানুহ এজন কেতিয়াও অকলশৰীয়া নহয়।

আজিকালি মোৰো বাহিৰা কিতাপ পঢ়ি ভাল লগা হ’ল। মই ভাবিছিলোঁ যে কিতাপ পঢ়ি একো ভাল নালাগে, আচলতে কিতাপৰ জগতখন অতিকৈ মনোমোহা!

নৱনীত নিয়ৰ শইকীয়া শংকৰদেৱ শিশু নিকেতন, নগাঁৱৰ ছাত্ৰ।