প্ৰথম ভাৰতীয় গণিতজ্ঞ আৰু জ্যোতিৰ্বিজ্ঞানী আৰ্যভট্ট

  • Published on 26 Jun 2023
প্ৰথম ভাৰতীয় গণিতজ্ঞ আৰু জ্যোতিৰ্বিজ্ঞানী আৰ্যভট্ট

ৰ্যভট্ট আছিল প্ৰাচীন ভাৰতৰ প্ৰথম গৰাকী গণিতজ্ঞ আৰু জ্যোতিৰ্বিজ্ঞানী। তেওঁ ৪৭৬ খ্ৰীষ্টাব্দত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ জন্মস্থান আধুনিক ভাৰতবৰ্ষৰ বিহাৰ ৰাজ্যৰ ৰাজধানী পাটনা (পুৰণি নাম পাতলিপুত্ৰ) বুলি কোৱা হয়। অৱশ্যে তেওঁৰ জন্মস্থান সম্পৰ্কীয় তথ্য সম্বলিত আধাৰ নথকাৰ বাবে ইতিহাসবিদসকলৰ মাজত মতভেদ থকা দেখা যায়।

প্ৰাচীন ভাৰতীয় সমাজৰ বৌদ্ধিক চেতনাৰ বিষয়ে আৰ্যভট্টৰ কৰ্মৰাজিৰ পৰা ধাৰণা কৰিব পাৰি। তেওঁৰ দৰে এজন বিদগ্ধ পণ্ডিতে আমাৰ দেশত জন্মলাভ কৰাটো আমাৰ বাবে আতি গৌৰৱৰ কথা। তেওঁক আধুনিক ভাৰতৰ বিজ্ঞানী মহলে পথ প্ৰদৰ্শক ৰূপে গণ্য কৰে। তেওঁ বীজ গণিতৰ ন ন সূত্ৰৰ আৱিষ্কাৰ কৰি থৈ গৈছে। তেওঁ ‘দশমিক পদ্ধতিত শূন্যৰ ব্যৱহাৰ’ উদ্ভাৱন কৰি নতুন দিগন্তৰ সূচনা কৰিছিল। গোলকৰ পৰিধিৰ পৰিমাণ আৰু ত্ৰিভুজৰ আয়তনৰ দৰে জটিল বিষয়ৰ ওপৰত তেওঁ স্পষ্ট ধাৰণা দি থৈ গৈছে। বীজ গণিতৰ ত্ৰিকোণমিতিৰ বিভিন্ন সূত্ৰ উদ্ভাৱনেৰে তেখেতে বিষয়টোক চহকী কৰি থৈ গৈছে। শূন্যৰ উদ্ভাৱক ৰূপে আধুনিক বিশ্বই তেওঁক সদায় সোঁৱৰি থাকিব।

আৰ্যভট্ট
আই ইউ চি এ এ (IUCAA) চৌহদ, পুনাত থকা আৰ্যভট্টৰ প্ৰতিমূৰ্তি

গণিতজ্ঞ হোৱাৰ উপৰিও তেওঁ এগৰাকী জ্যোতিৰ্বিজ্ঞানীও আছিল। পৃথিৱী আৰু অন্যান্য গ্ৰহসমূহ নিজৰ মেৰুদণ্ডত চক্ৰাকাৰে ঘূৰাৰ লগতে সূৰ্যক প্ৰদক্ষিণ কৰে বুলি সৰ্বপ্ৰথমে তেওঁৱেই কৈছিল যদিও তৎকালীন বিজ্ঞমহলে ইয়াক মানি ল’ব খোজা নাছিল। একেদৰে তেওঁ উদ্ভাৱন কৰা অন্যান্য সূত্ৰসমূহো তেতিয়াৰ সমাজে মানি ল’ব বিচৰা নাছিল যদিও আধুনিক বিজ্ঞানে সেই সমূহৰ আধাৰতেই আগুৱাই যাবলৈ সক্ষম হৈছে আৰু পৃথিৱীত মানৱ জাতিৰ জীৱন অৰ্থবহ আৰু সৰল হৈ উঠিছে। সূৰ্যৰ পোহৰেৰে গ্ৰহবোৰ আলোকিত হৈ উজলি উঠে বুলি তেওঁ তেতিয়াই কৈ গৈছে। একেদৰে পৃথিৱীৰ আন্ধাৰ দিশটোৰো তেওঁ ব্যাখ্যা দাঙি ধৰিছিল।

আৰ্যভট্টৰ দৰে মহান গণিতজ্ঞ আৰু বিজ্ঞানীৰ বিষয়ে জনাটো সকলো ছাত্ৰ-ছাত্ৰীৰ বাবেই প্ৰয়োজনীয় কথা। তেওঁৰ জীৱনৰ অনুপ্ৰেৰণা আৰু সংগ্ৰামৰ বিষয়ে নানান কাহিনী জনশ্ৰুতিত আছে যদিও কালক্ৰমত সিবিলাক হেৰাই গৈছে বুলি ভবাৰ অৱকাশ আছে। তেওঁ এজন সু-লেখকো আছিল। তেওঁৰ জীৱনীগ্ৰন্থ ‘আৰ্যভট্ট’ (Aryabhatta)ই বহু এনে বিষয়ৰ জ্ঞান প্ৰদান কৰিব পাৰে।

৫৫০ খ্ৰীষ্টাব্দত ৭৪ বছৰ বয়সত আৰ্যভট্টৰ মৃত্যু হয়। অৱশ্যে মৃত্যুৰ স্থান সম্পৰ্কে বিশেষ প্ৰমাণসিদ্ধ তথ্য পোৱা নাযায়।

শব্দাৰ্থ:

  • বিদগ্ধ: বিদ্বান, কোনো বিষয়ত বেছিকৈ জ্ঞান থকা
  • তৎকালীন: সেই সময়ৰ, তদানীন্তন
  • উদ্ভাৱন: নতুনকৈ উলিওৱা, আৱিষ্কাৰ

দৰ্শয়িতা বৰঠাকুৰ সন্দীপনী বিদ্যামন্দিৰ, নগাঁৱৰ দশম শ্ৰেণীৰ ছাত্ৰী।